ত্ৰিদীপ ওখ আৰু পাতল গঢ়ৰ, তাৰ দৌৰৰ বেগ তীব্ৰ ৷ অপু কিছু চাপৰ আৰু থোলোকা কিন্তু ত্ৰিদীপৰ সমান নহ’লেও তাৰ দৌৰো যথেষ্ট খৰ ৷ বিজয়কৃষ্ঞও অপুৰ দৰেই – কিছু চাপৰ হ’লেও দৌৰত ভাল ৷ সিহঁতকেইটাৰ মনৰ মিলো আছে, গতিকে ৰিলে ৰেচৰ বাবে দল বান্ধোতে সিহঁত স্বাভাৱিকতেই একগোট হ’ল ৷ কিন্তু দলত চতুৰ্থ সদস্য এজনোতো লাগিব ৷ ঘনশ্যামৰ সিহঁত তিনিটাৰ সৈতেই সাধাৰণতে উঠা-বহা যদিও চতুৰ্থ সদস্য হিচাবে ত্ৰিদীপৰ পচন্দ হ’ল গুণজিতহে কাৰণ সি পাতল আৰু ওখ আৰু তাৰ দৌৰৰ গতি ঘনশ্যামতকৈ বেছি ৷ কিন্তু গুণজিত, প্ৰকাশ, নৱজ্যোতি আৰু চনচিঙে সিহঁতৰ অষ্টম শ্ৰেণীৰ ৰিলে ৰেচৰ আনটো দল গঠন কৰি ক্লাচ চাৰ আৰু পিটি চাৰৰ ওচৰত নাম দাখিল কৰিলেই ৷ গতিকে অগত্যা ঘনশ্যামেই হ’লগৈ সিহঁতৰ দলৰ চতুৰ্থ সদস্য ৷
ঠাণ্ডাৰ বন্ধৰ পিছত স্কুল খোলাৰ এমাহমান হোৱাত পাহাৰী নগৰীৰ ফাগুনীয়া ৰ’দৰ কোমল উমত আনবাৰৰ দৰেই চলিছে সিহঁতৰ স্কুলৰ বছৰেকীয়া খেল-ধেমালিৰ সপ্তাহ ৷ সপ্তমৰ পৰা দশমলৈ হাইস্কুলৰ ল’ৰাবোৰৰ সকলো খেলৰ গ্ৰুপ একেটাই ; সেইটো গ্ৰুপতেই মেট্ৰিকৰ টেষ্ট পৰীক্ষা দি উঠা ছাত্ৰ কিছুমানেও আহি প্ৰতিদ্বন্দীতা কৰিছে ৷ তেৰ বছৰীয়াহঁতৰ বাবে ষোল্লৰ দেওনা গৰকাহঁতৰ সৈতে ফেৰ মৰা মুঠেই সহজ নহয় ৷ সেই বিষয়ে আপত্তি উঠাত হেডচাৰে প্ৰাৰ্থনাৰ পিছত সকলোকে উদ্দেশ্যি ক’লে,-“কেলেই এই আপত্তি ? যোৱাবাৰ ইণ্টাৰস্কুল ক্ৰিকেটত তাৰ ভাল বেটিঙৰ বাবে আমাৰ দলত মুকুটক লোৱা হোৱা নাছিল জানো ? সেই বিষয়ে প্ৰশ্ন উঠাত আমাৰ স্কুলৰ উত্তৰ আছিল যে সি টেষ্ট পৰীক্ষাহে দি উঠিছে , মেট্ৰিক হোৱাই নাই ; যেতিয়ালৈকে মেট্ৰিক পাচ কৰি নুঠে তেতিয়ালৈকে সি আমাৰ স্কুলৰেই ছাত্ৰ ৷ তেনেকৈয়ে কোৱা নাছিলোনে আমি সকলোৱে ? এতিয়া স্কুলৰ ভিতৰৰ প্ৰতিযোগিতাত কেইটামান টেষ্ট দি উঠা ল’ৰাই খেলিব খোজাত নিজৰ অসুবিধা হ’ব বুলি কিয় আপত্তি উঠিছে ? কৰকচোন অলপ সৰুকেইটাই সিহঁতৰ সৈতে প্ৰতিযোগিতা , জীৱনত আৰু কিমান ডাঙৰ ডাঙৰ প্ৰতিযোগিতা কৰিবলৈ আছে ৷” তাৰপিছত ছাত্ৰ বাদেই চাৰসকলৰো কোনোৱেই মাত মাতিবলৈ সুৰুঙা নেপালে ৷
মাৰ্চপাষ্ট, ড্ৰিল আৰু লেজিমত দলীয় পুৰষ্কাৰ আৰু ত্ৰিদিপে ১০০মিটাৰ দৌৰত, গুণজিতে ২০০মিটাৰ দৌৰত আৰু চনচিঙে লংজাম্পত পোৱা একোটা তৃতীয় পুৰষ্কাৰৰ বাদে সপ্তম আৰু অষ্টম শ্ৰেণীয়ে তেতিয়ালৈকে আন পুৰষ্কাৰ পোৱা নাই; ৰিলে ৰেচেই চতুৰ্থ পুৰষ্কাৰৰ শেষ আশা, সেয়ে সিহঁতৰ শ্ৰেণীৰ দুয়োটা দলে সেইকেইদিন আগতেই স্কুললৈ আহি ফিল্ডত চূণৰ গুড়িৰে দাগ দি তৈয়াৰ কৰি থোৱা ট্ৰেকত দৌৰৰ অনুশীলন কৰিছেহি ৷ প্ৰথম ৰাউণ্ডত সিহঁতৰ দুয়োটা দলেই কোৱালিফাই কৰিলে যদিও দ্বিতীয় ৰাউণ্ডত বেতন বদলোৱাৰ সময়ত নৱজ্যোতিৰ হাতৰ পৰা বেতনডাল পৰি যোৱা বুলি সেই দলটোক নাকচ (ডিচকোৱালিফাই)কৰি দিয়া হ’ল ৷ গতিকে অন্তিম দিনা হ’ব লগা ফাইনেললৈ সপ্তম আৰু অষ্টম শ্ৰেণীৰ ভিতৰত উত্তীৰ্ণ হ’ল মাথো অপুহঁতৰ দলটো ৷
প্ৰথম দুটা ৰাউণ্ডত সিহঁতে শ্ৰেণী শিক্ষক উদয় গোস্বামীচাৰৰ অনুমোদন লৈ ঠিক কৰা বুদ্ধিয়ে কাম দিলে ৷ সিদ্ধান্তমতেই ঘনশ্যামে দৌৰিলে প্ৰথম লেগ; অপুৱে দ্বিতীয় লেগত চেষ্টা কৰিলে নিজতকৈ ঠিক এখোপ আগত থকা প্ৰতিদ্বন্দীৰ সৈতে সমতা স্থাপন কৰিবলৈ আৰু পাৰিলে অলপ হ’লেও আগ বাঢ়িবলৈ; তৃতীয় লেগত বিজয়কৃষ্ঞৰ লক্ষ্য হ’ল অতি কমেও তৃতীয় স্থানলৈ আগবঢ়া আৰু দ্বিতীয় স্থানৰ সৈতে দূৰত্ব কমোৱাৰ প্ৰাণপন চেষ্টা কৰা; শেষ লেগত পৰিকল্পনা মতেই ত্ৰিদীপে দুয়োবাৰে দ্বিতীয় স্থানলৈ উত্তৰণ ঘটাই দলটোক ফাইনেলত উপনীত কৰালে ৷ ফাইনেললৈ সিহঁতৰ দলটোৰ উপৰিও উঠিল মেট্ৰিকৰ টেষ্ট দি উঠা কৃষ্ঞদাহঁতৰ দল, দশম শ্ৰেণীৰ ত্ৰিদীপৰ ককায়েক প্ৰদীপদাই আগভাগ লোৱা দলটোৰ উপৰিও মন্টুদা, ইণ্দ্ৰদাহঁতৰ দলটো আৰু নৱম শ্ৰেণীৰ এটা দল ৷ মূল প্ৰতিদ্বন্দীতা হ’ব তীব্ৰবেগী প্ৰদীপদাৰ দল আৰু কৃষ্ঞদাৰ দলৰ মাজত ৷ অপুহঁতৰ লক্ষ্য যেনেতেনে তৃতীয় স্থান দখল কৰা আৰু কিবাকথাত যদি দ্বিতীয় স্থান পাই যোৱা যাই তেন্তে আকাশৰ তৰা এটা হাততে পোৱাৰ দৰেই হ’ব ৷
ফাইনেলৰ দিনা পুৱাৰ পৰাই সিহঁত উৎকণ্ঠিত ; ফাইনেলৰ সময় যিমানে ওচৰ চাপিবলৈ ধৰিলে উৎকণ্ঠাও সিমানেই বাঢ়িল ৷ উদয় গোস্বামীচাৰে খেলাৰ মাজৰ বিৰতিত এবাৰ সিহঁতক দৌৰিবলৈ দিয়াৰ পিছত ফিল্ডৰ একাষত মন ঠাণ্ডা কৰি বহি থাকিবলৈ দিলে ৷ ফাইনেললৈ এঘণ্টা কি আধাঘণ্টামান বাকী থাকোতে গোস্বামীচাৰ আৰু পিটি চাৰে আহি সিহঁতক ক’লে –“এটা কাম কৰ ; অপুৰ বেগ বিজয়তকৈ অলপ বেছি যেন লাগিছে ৷ গতিকে সলনা সলনি কৰি বিজয়ে দ্বিতীয় লেগ আৰু অপুৱে তৃতীয় লেগ দৌৰ ৷ বাকী তহঁতৰ ষ্ট্ৰেটেজী একেই থাকিব ৷ তেনেকৈ কৰিলে তৃতীয় স্থান পাবলৈ অলপ সহজ হ’ব বুজিছ ৷ অ’ তহঁতৰ বেতন চেঞ্জ বেচ ভাল হৈ আছে ; সেইটো যাতে অক্ষুণ্ণ থাকে ৷” চাৰ দুজন আনফালে গ’লগৈ ৷ সিহঁতেও চাৰসকলৰ পৰামৰ্শমতেই দৌৰিবলৈ ঠিক কৰিলে ৷
হুইচেল বজাৰ লগে লগে ফাইনেলৰ দৌৰ আৰম্ভ হ’ল ; সাধ্যমতে চেষ্টা কৰিও প্ৰথম লেগত সিহঁতৰ ঘনশ্যাম পঞ্চমত থাকিল , অৱশ্যে চতুৰ্থৰ সৈতে ফাঁক বেছি নহয় ; বেতন চেঞ্জ খৰতকীয়াকৈ হোৱাৰ সুযোগ লৈ বিজয়ে দ্বিতীয় লেগত চতুৰ্থৰ সৈতে সমতা স্থাপন কৰি শেষলৈ যেন দুখোজমান আগুৱালেহে ৷ বিজয় আৰু অপুৰ মাজতো বেতন চেঞ্জ খৰকৈ হ’ল আৰু সেই সুবিধাৰ সমুচিত ব্যৱহাৰ কৰিবলৈ অপুৱে প্ৰাণপন বেগত দৌৰি আগবাঢ়িল ৷ প্ৰথম ভাঁজটোত সি ট্ৰেকৰ যিমান পাৰি ভিতৰফালে দৌৰি তৃতীয় স্হানলৈ যাবলৈ চেষ্টা কৰিলে ; গতিবেগত অলপ ভাৰসাম্য কম হোৱাত ট্ৰেকৰ ভাঁজটোৰ শেষ পৰ্য্যায়ত সি ট্ৰেকৰ বাওঁকাষলৈ কিছু বেছি চাপি গ’ল ; শুধৰাই ল’বলৈ তললৈ এচমক চকু দিওঁতেই তাৰ অকণমান সন্দেহ হ’ল , কিন্তু সেই সন্দেহ মূহুৰ্ততেই মনৰ পৰা আঁতৰাই তীব্ৰবেগে ধাৱমান হৈ তৃতীয়ত থকা মন্টুদাৰ সমানে সমানেই শেষৰ লেগৰ বাবে সি ত্রিদীপৰ হাতত বেতন দিলেগৈ ৷ শেষৰ লেগত ত্ৰিদীপে তৃতীয় স্থান অক্ষুণ্ণ ৰাখিলে ; সিহঁত আনন্দত আত্মহাৰা হ’ল ৷
ফলাফল ঘোষণা কৰাৰ আগতে পিটি চাৰ ক্ষন্তেক ৰ’ল ট্ৰেকৰ বিভিন্ন স্থানত সকলোৱে ঠিকমতে দৌৰিছেনে নাই সেয়া নিৰীক্ষণ কৰিবলৈ নিয়োগ কৰা চাৰ আৰু জ্যেষ্ঠ্ ছাত্ৰকেইজনৰ মতামতলৈ ৷ অপুৰ বুকুখন ঢুকঢুকাবলৈ ধৰিলে অঘটনৰ আশংকাত ৷ ট্ৰেকৰ প্ৰথম ভাঁজত নিৰীক্ষকৰূপে থকা দশম শ্ৰেণীৰ নান্নু খৰখেদাকৈ আহি পিটি চাৰক ক’লে-“চাৰ অষ্টম শ্ৰেণীৰ দলটোক ডিচকোৱালিফাই কৰক, তৃতীয় লেগত ই লাইন ওভাৰষ্টেপ কৰিছে ৷” সি অপুলৈ আঙুলিয়াই দেখুৱালে ৷ অপুৱে সজোৰে প্ৰতিবাদ কৰি উঠিল,-“নাই কৰা মই লাইন ক্ৰচ, নাই কৰা ৷” পিটি চাৰে অপুক ক’লে,-“দৌৰি থাকোতে তই নিজে নেদেখিবও পাৰ কিন্তু নান্নুক সেইবাবেই তাত ৰখা হৈছিল ৷” অপুৱে ওলাব খোজা চকুৰ পানী কোনোমতে ৰাখি পুণৰ প্ৰতিবাদ কৰিলে,-“নান্নুদাই কি জানেনো ? নিজে দৌৰিবই নোৱাৰে ৷” পিটি চাৰে তাক জোৰত ধমক দি উঠিল,-“মনে মনে থাক, কোনো কথা নক’বি ৷” দৌৰৰ সময়ত ট্ৰেকৰ সেই অংশত নান্নুৰ ওচৰতে ৰৈ থকা হেম গোস্বামীচাৰেও তালৈ কটমটকৈ চালে ৷ অপুৰ দুচকুৰে সৰসৰকৈ পানী পৰিবলৈ ধৰিলে ৷
ত্ৰিদীপ, বিজয় আৰু ঘনশ্যামে চাৰক বেৰি ধৰি কি কি ক’লে সি শুনা নেপালে; তাৰ একো নাই যেন লাগিল – ই নান্নুৱে তাক ডিচকোৱালিফাই কৰে ? যি নান্নুৱে নিজে দৌৰা, থ্ৰ, জাম্প একো এটা কৰিব নোৱাৰে, মাথো ট্ৰেক বনোৱাত চাৰক সহায় কৰে, লাইনচমেন হয়, থ্ৰ আৰু জাম্পত কেৱল জোখবোৰ লয় ! সি নান্নু যি নিজে তৰ্কসভা, আকস্মিক বক্তৃতা, আবৃতিৰ অনুষ্ঠান আৰু আন মিটিঙত কেৱল শ্ৰেণীৰ মাজৰ পাৰ্টিশ্বন আঁতৰোৱা, বেঞ্চ পতা, টেবুলত ফুলদানি সজোৱা কাম কৰে ! সি চুক্লি নান্নু যি মিটিং-চিটিঙত কোনে ফুচফুচাই কথা পাতিছে, কোনে কালৈ চকৰ টুকুৰা বা কাগজৰ লাড়ু দলিয়াইছে, কোনে টোপনিয়াইছে, কোনে বহীৰ পাত ফালি ৰকেট বনাই আছে, কোনে কাৰ পিঠিত পেঞ্চিলৰ জোঙেৰে খুচিছে সেইবোৰ লেখি পাছদিনা প্ৰাৰ্থনাৰ পিছত হেডচাৰৰ মাৰ খুৱাই – সেই নান্নুৱে তাক নাকচ কৰি দিছে ? কিন্তু লগে লগে তাৰ মনত সেই সন্দেহটোৱেও পুণৰ ভুমুকি মাৰিলে ৷
উদয় গোস্বামীচাৰে কন্দনামুৱা সিহঁত চাৰিওটাকে খেলপথাৰৰ মাজলৈ লৈ গ’ল; সিহঁতৰ শ্ৰেণীৰ সকলো ল’ৰাও তাত থুপ খালে ৷ গোস্বামী চাৰে জোনাব চাৰক হাতবাউল দি তালৈ মাতিলে ৷ মিঠাবৰণীয়া মুখত নিমজকৈ ৰখা দাঢ়ি, সদাই শুধ বগা পাইজামা, কিচকিচীয়া ক’লা দীঘল চাপকন, ক’লা নোমৰ টুপী আৰু চিকচিকীয়া ক’লা পাম্পশ্বু পিন্ধি স্কুললৈ অহা বিজ্ঞানৰ শিক্ষক চৈয়দ আব্দুল ৱাছেদ জোনাব চাৰ সকলো ছাত্ৰৰ বাবে মৌলবী চাৰ ৷ অত্যন্ত মৰমিয়াল আৰু সকলোৰে প্ৰিয়পাত্ৰ মৌলবী চাৰৰ প্ৰতিষাৰ কথা ছাত্ৰবোৰৰ বাবে যেন শিলৰ ৰেখা ৷
ওখপাখ মৌলবী চাৰে সকলোৰে মাজত থিয় হৈ ল’ৰাহঁতৰ জুমটোক উদ্দেশ্যি ক’লে,-“শুনহঁক সকলোৱে, তহঁত সকলোৱে জান যে যিকোনো প্ৰতিযোগিতাতে বিচাৰকৰ ৰায় চূড়ান্ত, তাত কোনেও আপত্তি কৰিব নোৱাৰে ৷”
জুমৰ মাজৰ পৰা কোনোবাই ক’লে,-“কিন্তু চাৰ নান্নুৱে বহুতবাৰ মাৰখাবলগা কাম নকৰা ল’ৰাকো হেডচাৰৰ মাৰ খুৱাইছে ; দাদাই নিজৰ দশম শ্ৰেণীক জিকাবলৈও আমাৰ দলৰ ফাউল ধৰিব পাৰে ৷”
মৌলবীচাৰে ক’লে,-“তহঁত এতিয়াও সৰু হৈ আছ ; তেনেকুৱা কথা তহঁতে মনলৈ আনিব নাপায় ৷ প্ৰত্যেকটো ৰেচতে ট্ৰেকৰ বেলেগ বেলেগ ঠাইত একোজন জ্যেষ্ঠ ছাত্ৰৰ উপৰিও একোজনকৈ শিক্ষকো আছিল ; তহঁতৰ ফাইনেলত ট্ৰেকৰ সেই ঠাইত নান্নু মূল দায়িত্বত আছিল যদিও হেম গোস্বামীচাৰেও নিৰীক্ষণ কৰি আছিল ৷ তহঁতে ভাব নেকি যে হেম গোস্বামীচাৰেও কিবা পক্ষপাতিত্ব কৰিব ?” – সকলো নীৰৱে ৰ’ল ৷
মৌলবীচাৰে অপুৰ কান্ধত হাত দুখন থৈ ক’লে,--“তই একেবাৰে খাটাং নে যে তই লাইনত এবাৰো ভৰি দিয়া নাছিলি ?”— লুকাই থকা সন্দেহটোৱে অপুক মাত মতাৰ পৰা নিৰস্ত কৰিলে৷
--“ক, নেমাত কেলৈ ?”
--“মই চাৰ ম-ই- সিমান ভা-লকৈ ক’ব নোৱাৰো ৷” -থোকাথুকি মাতেৰেই অপুৱে ক’লে ৷
--“চা, তাৰমানে তোৰ নিজৰেই অলপ হ’লেও সন্দেহ আছে; দৌৰি থাকোতে তোৰ নিজৰে নিশ্চয় সন্দেহ হৈছিল যে তই চাগে লাইন গচকিছ, কিন্তু ভালকৈ দেখা নাপালি ৷ কিন্তু নান্নুৰ দায়িত্বই আছিল সেইঠাইত কোনোবাই কিবা ফাউল কৰিছে নেকি চোৱা ৷ গতিকে তহঁতে বুকু ডাঠি তৃতীয় স্থান দাবী কৰিব নোৱাৰ ৷ খেলত বিচাৰকৰ কথা নিৰ্বিবাদে মানি ল’ব লাগে আৰু নিজৰ পৰাজয় আৰু প্ৰতিদ্বন্দীৰ জয় হাঁহিমুখে স্বীকাৰ কৰি ল’ব লাগে; সেয়া হ’ল– গেমচমেনশ্বিপ – খেলুৱৈসুলভ আচৰণ ৷ এই মনোভাৱ আয়ত্ব কৰিব নোৱাৰিলে কোনোৱেই ভাল খেলুৱৈ হ’ব নোৱাৰে ৷ খেলাৰ কৌশল আ্য়ত্ব কৰি নিয়মিত অনুশীলনেৰে সেই কৌশল উন্নত কৰা, খেলৰ নিয়ম-কানুন আয়ত্ব কৰা, শৃঙ্খলাৱদ্ধতা, নিয়মানুৱৰ্তিতা আৰু খেলুৱৈসুলভ মনোবৃত্তি আয়ত্ব কৰা – এই সকলোখিনিৰ সমন্বয়তহে এজন প্ৰকৃত খেলুৱৈ হ’ব পৰা যায় ৷ এই কথাখিনিৰ কেৱল খেলেই নহয় জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই সমানেই প্ৰয়োজন ৷ এতিয়া তহঁত ডাঙৰ হৈ আহিছ সেয়ে কথাবোৰ বুকুত সুমুৱাই ল’বি ৷ আজি নিজে সন্দেহত থাকিও তহঁতে যদি জোৰকৈ দাবী কৰি পুৰস্কাৰটো লৱ তেন্তে মনত শান্তি নাপাবি, নিজৰ সততাৰ ওপৰত নিজেই সন্দেহ কৰিবি ৷ আগতে পোৱা আৰু পিছলৈকো পাবলগীয়া আন পুৰস্কাৰৰ শাৰীত সজাই থোৱা এই পুৰস্কাৰটোত চকু পৰিলেই বুকুত অকণমানকৈ হ’লেও কাঁইটৰ খোচ এটা অনুভৱ কৰিবি ৷ আজিৰ পুৰস্কাৰটো তহঁতে দাবী নকৰিবি – নিজৰ সততাক হৃদয়ৰ সৰ্বোচ্চ স্থানত বহুৱাই খেলুৱৈসুলভ মনোভাৱৰ পৰিচয় দাঙি ধৰহঁক ৷ সততা সদাই অক্ষুণ্ণ ৰখাৰ প্ৰতিজ্ঞা কৰহঁক, জীৱনত শান্তি পাবি ৷ --- অ’ , আৰু এটা কথা, তহঁতৰ বহুতৰে মনত এনে ধাৰণা আছে যে কেৱল খেলত ভাগলোৱাকেইটাক লৈয়েই প্ৰতিযোগিতা সম্পূৰ্ণ হয় আৰু নান্নু, ধ্ৰুৱহঁতে কৰা কামবোৰৰ কোনো গুৰুত্ব নাই; কিন্তু দকৈ ভাবি চাচোন – সিহঁতকেইটাই যদি সহায় কৰি নিদিয়ে তেন্তে খেলবোৰ পৰিচালনা কৰিব পৰা যাবনে ? সিহঁতকেইটাই যিখিনি কাম কৰি দিয়ে সেইখিনি নহ’লে স্কুলৰ কোনো এটা অনুষ্ঠান সুচাৰুকৈ কৰিব পৰা যাবনে ? গতিকে আনে কৰা কামক সদাই মূল্য দিবি, কাৰো কামেই অপ্ৰয়োজনীয় বা সৰু বুলি নাভাবিবি ৷”
ত্ৰিদীপ আৰু বিজয়ৰ মুখদুখন লাহে লাহে পোহৰ হ’ল ৷ অপুৱে দোষী দোষী ভাৱেৰে থিয় হৈ থাকিল –‘মোৰ কাৰণেই পুৰস্কাৰটো হাতৰ পৰা ওলাই গ’ল ৷’ ঘনশ্যামে অপুক সাৱটি ধৰি ক’লে-“ভুল হ’ল যদি হ’ল আৰু দে একো নহয়, হেম গোস্বামীচাৰৰ কাঢ়া চকুৰ পৰা একো সাৰি নাযায় ৷”
ইতিমধ্যে পিটি চাৰে ৰিলেৰেচৰ ফলাফল ঘোষণা কৰিলে ৷ কৃষ্ঞদা আৰু প্ৰদীপদাৰ দলদুটা ওচৰলৈ আহি পুৰস্কাৰ নাপালেও ভাল প্ৰতিদ্বন্দীতা আগবঢ়োৱা বুলি অপুহঁতক প্ৰশংসা কৰিলে ৷
উদয় গোস্বামীচাৰে চিঞৰি ক’লে,-“থ্ৰি চিয়েৰচ্ ফৰ ক্লাচ এইট ৷”
সকলোৱে প্ৰাণখুলি সমস্বৰে চিঞৰিলে,-“হিপ হিপ হু-ৰ-ৰে -----৷”
ৰেচত পুৰস্কাৰ নোপোৱাৰ দুখ অপুৰ মনৰ পৰা দুদিনতে নোহোৱা হৈ গ’ল; কিন্তু সততা আৰু গেমচমেনশ্বিপৰ বিষয়ে মৌলবীচাৰে কোৱা কথাখিনি দিন যোৱাৰ লগে লগে তাৰ অন্তৰত দকৈ, আৰু বেছি দকৈ খাজকাটি সোমাই নিগাজীকৈ ৰৈ গ’ল ৷